অমৃত মাধুৰী দেৱী
ৰাজ্য : অসম
জিলা : শোণিতপুৰ
ব্লক : গভৰু
গাঁও : কেতেকীবাৰী
স্ব-সহায় গোট : মিতালী স্ব-সহায় গোট
জীৱিকাৰ কাৰ্যকলাপসমূহ : জাম, জেলী, জুচ আৰু আচাৰ খুচুৰা আৰু অনলাইন বিপণনৰ জৰিয়তে (নিজস্ব ব্ৰেণ্ড - মধুৰ ফুড প্ৰডাক্টছ)
লখপতি দিদি'ৰ যাত্ৰা
গভৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত মিতালী স্ব-সহায় গোটৰ সদস্য অমৃত মাধুৰী দেৱীয়ে ৩ লাখ টকাৰ বেংক ঋণ পোৱাৰ পিছত ২০১২ চনত নিজৰ উদ্যোগ আৰম্ভ কৰে। তেওঁ মেচিন ক্ৰয় আৰু ফলৰ ৰস, জাম, জেলী, আৰু আচাৰৰ দৰে বিভিন্ন মূল্য সংযোজিত সামগ্ৰী উৎপাদনৰ বাবে ঋণৰ লগতে নিজৰ সঞ্চয়ৰ পৰা ৭,০০০/- টকা বিনিয়োগ কৰে, যাৰ ফলত স্থানীয় আৰু অনলাইন বজাৰৰ বিক্ৰীৰ পৰা ভাল উপাৰ্জন হয়। তেওঁ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ (ASRLM) পৰা আৰ্থিক সহায় লাভ কৰিছিল, যাৰ ভিতৰত আছিল কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডৰ পৰা ₹50,000/- আৰু ৩ লাখ টকাৰ বেংক ঋণ। তেওঁ PMFME-ৰ বীজ পুঁজি (seed capital) হিচাপে ₹40,000/- আৰু NRETP ইনকিউবেটৰ অনুদান হিচাপে ৩ লাখ টকাও লাভ কৰিছিল। তেওঁ তিনিগৰাকী স্ব-সহায় গোটৰ সদস্যকে ধৰি ছগৰাকী শ্ৰমিকক কামত নিয়োগ কৰিছিল। তেওঁৰ স্ব-সহায় গোটৰ সদস্যসকলে নিয়োগৰ সুযোগ আৰু সামগ্ৰী প্ৰস্তুতৰ বাবে কেঁচা সামগ্ৰী যোগান ধৰি লাভৱান হৈছিল। ইয়াৰ উপৰিও, বিভিন্ন ৰাজ্য আৰু স্থানীয় সংস্থাসমূহে আয়োজন কৰা ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিভিন্ন মেলাত অংশগ্ৰহণ কৰি সদস্যসকলে অভিজ্ঞতা লাভ কৰিছিল। তেওঁ মাহে প্ৰায় ₹20,000/- টকা উপাৰ্জন কৰি আছে।