আজিমা বানু
ৰাজ্য : লাডাখ
জিলা : কাৰ্গিল
ব্লক : কাৰ্গিল
গাঁও : হাৰদাস
স্ব-সহায় গোট : ময়ূৰী স্ব-সহায় গোট
জীৱিকাৰ কাৰ্যকলাপসমূহ : এপ্ৰিকট আৰু পাচলিৰ দোকান
লখপতি দিদি'ৰ যাত্ৰা
স্ব-সহায় গোটত যোগদান কৰাৰ আগতে তেওঁ এগৰাকী কম মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁ উদ্যানশস্য আৰু কৃষি সম্পৰ্কীয় ক্ষেত্ৰত চেষ্টা কৰিছিল, কিন্তু ধনৰ অভাৱত তেওঁ বিশেষ উন্নতি কৰিব পৰা নাছিল।
স্ব-সহায় গোটত যোগদান কৰাৰ পিছত তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পালে। গোটত যোগদান কৰি তেওঁ আৰ্থিক সহায় পালে আৰু উদ্যানশস্য তথা কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি গ’ল। কৃষি (এপ্ৰিকট) আৰু উদ্যানশস্যৰ ক্ষেত্ৰত নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ বাবে তেওঁ গাঁও সংগঠন আৰু বেংক লিংকেজ বেংক আদি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৪ লাখ টকা ঋণ লৈছিল। এতিয়া তেওঁৰ মাহিলী আয় প্ৰায় ১৪,০০০ টকা আৰু কাৰ্গিল বজাৰত পাচলিৰ দোকান খোলাত তেওঁ স্বামীক সহায় কৰিছে।