মূল বিষয়বস্তুলৈ যাওক |
ৱাল অৱ ফেমলৈ উভতি যাওক

ৰাজ্য : অসম

জিলা : মৰিগাঁও

ব্লক : মায়ং

গাঁও : জাগীগাঁও

স্ব-সহায়ক গোট : প্ৰেৰণা স্ব-সহায় গোট

জীৱিকাৰ কাৰ্যকলাপসমূহ : স্থানীয় আচাৰ, পৰম্পৰাগত খাদ্য সামগ্ৰী, ব্ৰইলাৰ ফাৰ্ম

লখপতি দিদি'ৰ যাত্ৰা

মায়ং উন্নয়ন খণ্ডৰ অধীনস্থ জাগীভকতগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জাগীগাঁও নিবাসী ববী বৰা এগৰাকী আদৰ্শ মহিলা, যিয়ে দৰিদ্ৰতাক নেওচি এগৰাকী সফল ব্যৱসায়ী হিচাপে নিজৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ উপাৰ্জনৰ প্ৰধান উৎস জাগীৰোড কাগজ কলত কাম কৰা তেওঁৰ স্বামীয়ে চাকৰি হেৰুওৱাৰ পিছত পৰিয়ালটোৱে তীব্ৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল।

ববীয়ে ২০০৭ চনৰ পৰাই মাত্ৰ ৫০ জনী পোৱালিৰে ব্ৰইলাৰ ফাৰ্মিং আৰম্ভ কৰিছিল। স্ব-সহায় গোটটোৰ পৰা লাভ কৰা ২৫,০০০ টকাৰ ৰিভলভিং ফাণ্ড আৰু ৫০,০০০ টকাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডৰ সহায়ত উৎসাহিত হৈ তেওঁ পৰম্পৰাগত 'পিঠা' আৰু 'লাৰু' প্ৰস্তুত কৰাৰ এক নতুন ব্যৱসায়ত হাত দিয়ে। তেওঁ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি মৰিগাঁও জিলাৰ দোকানসমূহত বিক্ৰী কৰিবলৈ লয় আৰু অতি কম সময়ৰ ভিতৰতে সেইবোৰ জনপ্ৰিয় হৈ পৰে।

তেওঁৰ সামগ্ৰীসমূহ মৰিগাঁও, জাগীৰোড আৰু গুৱাহাটীত স্থানীয়ভাৱে বিক্ৰী হয়। বিশেষ অনুষ্ঠানৰ বাবে আৰু বিভিন্ন বিভাগৰ পৰা তেওঁ নিয়মীয়াকৈ অৰ্ডাৰ লাভ কৰে।

তেওঁ এতিয়া স্বাৱলম্বী আৰু মাহিলী ২৫,০০০-৩০,০০০ টকা লাভ অৰ্জন কৰে।

অধিক চাওক