চন্দনা শইকীয়া কলিতা
ৰাজ্য : অসম
জিলা : শিৱসাগৰ
খণ্ড : ডিমৌ
গাঁও : গজালি বঙালী
আত্মসহায় গোট : অঙ্কুৰণ স্ব-সহায় গোট
জীৱিকা কাৰ্যকলাপ : কেক বেকিং, মিলেট (বাজৰা জাতীয় শস্যৰ) কুকিজ, পিজ্জা প্ৰস্তুত কৰা গোট
লখপতি দিদি'ৰ যাত্ৰা
শিৱসাগৰ জিলাৰ ডিমৌ খণ্ডৰ অধীনত কৰ্মৰত 'অঙ্কুৰ স্ব-সহায় গোট'ৰ সদস্যা শ্ৰীমতী চন্দনা শইকীয়া কলিতাই ২০১৬ চনত নিজৰ উদ্যোগিক যাত্ৰা আৰম্ভ কৰিছিল। বেকিংৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাথাকিলেও তেওঁ প্ৰস্তুত কৰা কেক পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ মাজত অতি সোনকালে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ সামগ্ৰীসমূহে অতি সোনকালে স্থানীয় বেকাৰীসমূহৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বৰ্তমান তেওঁ শিৱসাগৰ জিলাৰ লগতে বাহিৰৰ বহুতো বেকাৰীলৈ কেক আৰু বিস্কুট যোগান ধৰে।
তেওঁ স্ব-সহায় গোটৰ পৰা ১০,০০০ টকাৰ আভ্যন্তৰীণ ঋণ আৰু PMFME আঁচনিৰ অধীনত ৪০,০০০ টকাৰ 'চিড কেপিটেল' (আৰম্ভণি মূলধন) লাভ কৰে। তেওঁ 'ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰশ্বিপ'ত পাঁচদিনীয়া উদ্যমিতা উন্নয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, যিয়ে তেওঁৰ ব্যৱসায়টোক যথেষ্ট গতিশীল কৰি তুলিছিল আৰু এগৰাকী সাধাৰণ গৃহিণীৰ পৰা এগৰাকী পেছাদাৰী মহিলা উদ্যমীলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰিছিল।
তেওঁ ছয়গৰাকী মহিলা স্ব-সহায় গোটৰ সদস্যাক লৈ এটা দল পৰিচালনা কৰিছে, যাৰ লক্ষ্য হৈছে সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ গঢ়ি তোলা। তেওঁ বেকাৰীৰ এগৰাকী 'মাষ্টাৰ ট্ৰেইনাৰ' হিচাপে ১৫০০ তকৈ অধিক মহিলাক প্ৰশিক্ষণ দিছে। ভৱিষ্যতে চন্দনা শইকীয়াই নিজাকৈ এটা কাৰখানা আৰু বিক্ৰী কেন্দ্ৰৰ লগতে এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। তেওঁ এতিয়া স্বাৱলম্বী আৰু মাহিলী ২০,୦୦୦-২৫,০০০ টকা লাভ অৰ্জন কৰে।