হালিমা
ৰাজ্য : লাডাখ
জিলা : কাৰ্গিল
খণ্ড : কাৰ্গিল
গাঁও : চুৰুলি কাম্বি, চানিগাণ্ড
স্ব-সহায় গোট : স্কার্চন স্ব-সহায় গোট
জীৱিকাৰ কাৰ্যকলাপসমূহ : কৃষি আৰু উদ্যান শস্যৰ সামগ্ৰী, চিলাইৰ দোকান, বিউটি পাৰ্লাৰ দোকান
লখপতি দিদি'ৰ যাত্ৰা
তেওঁৰ স্বামী এজন ব্যক্তিগত টেক্সী চালক আছিল আৰু সেই সময়ত তেওঁৰ অৰ্থনৈতিক অৱস্থা অতি সংকটজনক আছিল। লাডাখ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (SRLM) আৰু কাৰ্গিলৰ স্থানীয় বিষয়াৰ সমৰ্থন আৰু নিৰ্দেশনাত তেওঁ দহজন সদস্যৰে 'স্কার্চন' নামৰ এটা নতুন স্ব-সহায় গোট গঠন কৰে। তেওঁ এগৰাকী অতি পৰিপক্ক আৰু বুদ্ধিমান মহিলা আছিল।
গোটত যোগদান কৰাৰ পিছত তেওঁ কেৱল নিজৰ পৰিয়ালটোৱেই নহয়, গোটত যোগদান কৰা সকলো সদস্যৰে উন্নতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। SRLM কাৰ্যসূচীৰ সমৰ্থনত কাৰ্গিলৰ থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে তেওঁ যোৱা দুবছৰ ধৰি দিল্লী হাট বজাৰলৈ গৈ আছে, য’ত কৃষি আৰু অকৃষি দুয়োটা সামগ্ৰী (যেনে- এপ্ৰিকট, হস্ততাঁতৰ সামগ্ৰী) অন্তৰ্ভুক্ত আছে।
তেওঁ মাহে প্ৰায় ১৫-১৮ হাজাৰ টকা উপাৰ্জন কৰে আৰু পৰিয়ালৰ মাহিলি আয় বৃদ্ধিৰ বাবে স্বামীক নিজাকৈ টেক্সী কিনিবলৈ আৰ্থিকভাৱে সহায়ো কৰিছে।