কণকলা সন্যাসম্মা
ৰাজ্য : অন্ধ্ৰ প্ৰদেশ
জিলা : বিশাখাপট্টনম
ব্লক : ভীমুনীপট্টনম
গাঁও : লক্ষ্মীপুৰম
স্ব-সহায় গোট : গ্ৰামৈক্য স্ব-সহায় গোট
জীৱিকাৰ কাৰ্য্যকলাপ : শাক-পাচলি খেতিৰ উদ্যমী
লখপতি দিদি যাত্ৰা :
শ্ৰীমতী কনকলা সন্ন্যাসন্মৰ পৰিয়ালটো সম্পূৰ্ণৰূপে কৃষিভিত্তিক পৰিয়াল। বিজয়ৱাড়াত তেওঁৰ এজন আত্মীয়ই হট চিপছৰ ব্যৱসায় কৰা দেখি তেওঁও এই ক্ষেত্ৰত ব্যৱসায় কৰাৰ কথা ভাবিলে আৰু পপকৰ্ণ আৰু আলুৰ পৰা লেচ (ৱেফাৰছ) তৈয়াৰ কৰিবলৈ ৩০,००০ টকাৰ বিনিয়োগেৰে আৰম্ভ কৰিলে।
তেওঁ কৰি থকা এই ক্ষুদ্ৰ আয় বৃদ্ধিৰ কাৰ্যসূচীটোক তেওঁৰ গাঁওবাসীয়ে স্বীকৃতি দিছিল আৰু তেওঁক PMFME আঁচনিখনৰ বিষয়ে বুজাই দিছিল। ব্যৱসায়ৰ বাবে মেচিন কিনিবলৈ তেওঁ ৩ লাখ টকাৰ ঋণ লাভ কৰিছিল। আগতে তেওঁ মাত্ৰ ৫ কেজি সামগ্ৰীহে তৈয়াৰ কৰিব পাৰিছিল। কিন্তু বৰ্তমান তেওঁ ২০ কেজিলৈকে সামগ্ৰী তৈয়াৰ কৰি বাহিৰৰ দোকানত অৰ্ডাৰ দিবলৈ সক্ষম হৈছে। তেওঁ দৈনিক ৫০০০/-ৰ পৰা ৬০০০/- টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
এতিয়া তেওঁ দৈনিক ১০০০/- টকা লাভ কৰে। এইদৰে তেওঁৰ ব্যৱসায় ভালদৰে বৃদ্ধি পাইছে আৰু অৰ্থনৈতিক অৱস্থাও উন্নত হৈছে। এতিয়া তেওঁৰ মাহিলী আয় প্ৰায় ৩০,০০০ টকা।