মেজিস্টিফুল লিংখই
ৰাজ্য : মেঘালয়
জিলা : পশ্চিম খাচী পাহাৰ
ব্লক : নংষ্টইন
গাঁও : মাউয়ং লুমচিন্টিউ
স্ব-সহায়ক গোট : কিন্টুলং আত্ম সহায় গোট
জীৱিকা কাৰ্যকলাপসমূহ : বেপাৰ (কাপোৰ বিক্ৰী)
লখপতি দিদি'ৰ যাত্ৰা :
শ্রীমতী মেজেষ্টিফুলে দৰ্জীৰ কামেৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল, ইয়াৰ পূৰ্বে তেওঁ নিজৰ গাঁৱত কাপোৰ চিলাই কৰি আৰু দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল।
পিছলৈ তেওঁ "কিন্টুলং আত্ম সহায় গোট" নামৰ এটা আত্মসহায়ক গোটত অন্তৰ্ভুক্ত হয়। তেওঁৰ ব্যৱসায়ত প্ৰয়োজনীয় অধিক কাপোৰ আৰু অন্যান্য সঁজুলি কিনিবলৈ তেওঁ নিজৰ গোটৰ পৰা ১ লাখ টকাৰ ঋণ লৈছে। চিলাই কামৰ প্ৰতি আগ্ৰহী গ্ৰাম্য যুৱক-যুৱতীসকলকো তেওঁ প্ৰশিক্ষণ দিয়ে আৰু ইয়াৰ পৰাও তেওঁ প্ৰতিজন শিক্ষাৰ্থীৰ পৰা কিছু পৰিমাণৰ উপাৰ্জন কৰে। তেওঁ নিজে প্ৰস্তুত কৰা সামগ্ৰী যেনে- বজাৰ কৰা মোনা, ৰেডিমেড জৈনচেম (readymade jainsem), এম্ব্ৰয়ডৰী (শ্ৰং) আৰু অন্যান্য সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। গোটটোত যোগদান কৰাৰ পিছত তেওঁক বহুতো গ্ৰাহকে চিনি পোৱা আৰু গোটৰ সদস্যসকলে তেওঁৰ কামৰ পৰামৰ্শ দিয়াৰ বাবে তেওঁ বছৰি প্ৰায় ১.৫৬ লাখ টকাৰ নিট আয় কৰিবলৈ সক্ষম হৈছে।