ফাতিমা
ৰাজ্য : ইউটি লাডাখ
জিলা : কাৰ্গিল
ব্লক : কাৰ্গিল
গাঁও : ধুমচাই
স্ব-সহায় গোট : মেহেক স্ব-সহায় গোট
জীৱিকাৰ কাৰ্যকলাপসমূহ : উদ্যানপালন আৰু কৃষি
লখপতি দিদি'ৰ যাত্ৰা
কৃষি খণ্ডত ফাতিমাৰ সফলতাৰ যাত্ৰা তেওঁৰ অটল উৎসৰ্গা, কাৰ্যকৰী সমন্বয় আৰু NRLM আঁচনিৰ দ্বাৰা আগবঢ়োৱা নিৰন্তৰ সমৰ্থনৰ এক প্ৰমাণ। অৰ্থনৈতিক সংকট, শৈক্ষিক বাধা আৰু স্বাস্থ্যজনিত সমস্যাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ সহনশীলতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল।
ফাতিমাই নিজৰ প্ৰচেষ্টাৰ জৰিয়তে কেৱল আৰ্থিক সৱলীকৰণেই লাভ কৰা নাই, বৰঞ্চ সমাজত এগৰাকী সন্মানীয় ব্যক্তি হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিছে। বৰ্তমান তেওঁৰ পৰিশ্ৰমৰ ফলস্বৰূপে মাহিলী ১২,০০০ ৰ পৰা ১৫,০০০ টকা উপাৰ্জন কৰিছে। বছৰি তেওঁৰ আয় ১,৪৪,০০০ ৰ পৰা ১,৮০,০০০ টকাৰ ভিতৰত থাকে। কৃষি খণ্ডত বাধা নেওচি সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত একাগ্ৰতা আৰু বাহ্যিক সহায়ৰ প্ৰভাৱ ফাতিমাৰ কাহিনীয়ে সুন্দৰকৈ দাঙি ধৰিছে।