মুদ্ৰাবোইনা পিচাম্মা
ৰাজ্য : অন্ধ্ৰ প্ৰদেশ
জিলা : গুন্টুৰ
ব্লক : তাডিকোণ্ডা
গাঁও : তাডিকোণ্ডা
স্ব-সহায় গোট : সংগীত আত্মসহায়ক গোট
জীৱিকাৰ কাৰ্য্যকলাপ : শুকান মাছৰ ব্যৱসায়
লখপতি দিদি যাত্ৰা :
মুদ্ৰাবোইনা পিচম্মাৰ পূৰ্বপুৰুষৰ পৰা লাভ কৰা এক একৰ কৃষিভূমি আছে আৰু তাৰ পৰা কিছু উপাৰ্জন হয়। তেওঁ সংগীত আত্মসহায়ক গোটত যোগদান কৰিছিল। এবছৰৰ পাছত তেওঁ বেংকৰ পৰা ১০,০০০ টকাৰ ঋণ লৈছিল। তেওঁ বিজয়ৱাড়া আৰু নিজামপট্টনম মণ্ডলক বজাৰৰ কেন্দ্ৰ হিচাপে লৈ শুকান মাছৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁ জিলাখনৰ DRDA বিষয়াসকলৰ সহায়ত 'প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেচন অফ মাইক্ৰ’ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ' (PMFME) ঋণৰ বাবে আবেদন কৰে। মুঠ ১,৫০,০০০ টকাৰে তেওঁ এখন সৰু গাড়ী (কাৰ্ট) স্থাপন কৰে, যাৰ জৰিয়তে ব্যৱসায়টো ধাপে ধাপে বৃদ্ধি পায়। এতিয়া তেওঁ এই ব্যৱসায়ৰ জৰিয়তে সন্তানক শিক্ষিত কৰিবলৈ আৰু পৰিয়ালৰ সৈতে থাকিবলৈ এটা ঘৰ সাজিবলৈ সক্ষম হৈছে। তেওঁ মাহে প্ৰায় ২৫,০০০ টকা উপাৰ্জন কৰিছে।