মুন্নী কুমাৰী
ৰাজ্য : বিহাৰ
জিলা : বেগুচৰাই
ব্লক : মটিহানি
গাঁও : মটিহানি
স্ব-সহায় গোট : বন্ধন জৈৱিক মহিলা আত্মসহায়ক গোট
জীৱিকাৰ কাৰ্যকলাপ : ধূপকাঠি প্ৰস্তুত কৰা
লখপতি দিদি'ৰ যাত্ৰা
জীৱিকা বিহাৰৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ মহিলাই নিজাকৈ ব্যৱসায় আৰম্ভ কৰি সামাজিক আৰু অৰ্থনৈতিক স্বাৱলম্বনৰ এক নতুন অধ্যায় ৰচনা কৰিছে। মুন্নী কুমাৰী এনে এগৰাকী মহিলা যিয়ে এটা আত্মসহায়ক গোটত যোগদান কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছিল।
তেওঁ বহনক্ষম জীৱিকা আঁচনিৰ অধীনত ৩৫,০০০ টকাৰ সাহাৰ্য লাভ কৰিছিল। এই সাহাৰ্য ব্যৱহাৰ কৰি তেওঁ এখন সৰু গেলামালৰ দোকান খুলিছিল আৰু তেতিয়া মাহে প্ৰায় ৫,০০০ টকাকৈ উপাৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁ জীৱিকা বিহাৰৰ পৰা ১০ দিনীয়া আগৰবাটি নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত তেওঁ আগৰবাটি নিৰ্মাণ আৰম্ভ কৰে আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইয়াৰ উপৰিও তেওঁ গোটৰ আন মহিলাসকলক নিযুক্তি দি তেওঁলোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিছে।
তেওঁ ৫০,০০০ ৰ পৰা ৬০,০০০ টকা পৰ্যন্ত আগৰবাটি বিক্ৰী কৰে। কেঁচা মাল আৰু শ্ৰমিকৰ মজুৰি পৰিশোধ কৰাৰ পিছত তেওঁ আগৰবাটি নিৰ্মাণৰ পৰা প্ৰায় ১০,০০০ ৰ পৰা ১২,০০০ টকা আৰু গেলামালৰ দোকানৰ পৰা ৫,০০০ টকাতকৈ অধিক উপাৰ্জন কৰে। তেওঁৰ সকলোবোৰ কামৰ পৰা তেওঁ মাহে প্ৰায় ২০,০০০ টকাকৈ উপাৰ্জন কৰে।