বুদ্ধা ইনষ্টিটিউট (বিআই)
শ্রেণী : পাম / খেতি পথাৰ
অংশীদাৰিত্বৰ পৰিসৰ: দুয়োটা অংশীদাৰে ভাৰতৰ ১২ খন ৰাজ্যৰ ১০০ খন জিলাত উন্নয়নৰ উদ্যোগীৰ এটা আৰ্হি গঢ়ি তুলিবলৈ আৰু পঞ্চাছ লাখ (পাঁচ মিলিয়ন) দৰিদ্ৰ পৰিয়ালক প্ৰভাৱিত কৰিবলৈ ২০২৩ চনৰ ২৯ আগষ্টত একত্ৰিত হ'বলৈ সিদ্ধান্ত লৈছে।
1) DAY-NRLM এ উন্নয়ন উদ্যোগীসকলক মুদ্ৰা ঋণ লাভ কৰাত সমৰ্থন আগবঢ়াব পাৰে। উন্নয়ন উদ্যোগীসকলৰ দক্ষতা বিকাশ/ক্ষমতা গঠনৰ বাবে অভিসৰণ (convergence) বিচৰাত সহায় কৰা। উদ্যোগৰ পৰা বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ অংশগ্ৰহণ বৃদ্ধি কৰা।
2) গভীৰ অধ্যয়ণ কৰা, আৰু বিভিন্ন সামগ্ৰীৰ বৰ্তমানৰ মূল্য-শৃংখলাত (value-chains) কাম কৰা উন্নয়ন উদ্যোগীসকলৰ বাবে পৰিসৰ (scope) বিকাশ কৰা।
3) DAY-NRLM ৰ দ্বাৰা সমৰ্থিত বৰ্তমানৰ কাৰ্যসূচীবোৰৰ মাজৰ পৰা উচ্চ সফলতাৰ সম্ভাৱনা থকা মূল্য শৃংখলা (পাম, অনা-পাম, পশুপালন) বাছি উলিওৱা আৰু সেইবোৰক তথা সেইবোৰৰ বজাৰ নেতৃত্বাধীন হস্তক্ষেপসমূহক অধিক গঢ়ি তোলা।
4) গ্ৰাম্য সমাজৰ মাজত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে অধিক উৎসাহ আৰু আগ্ৰহ সৃষ্টি কৰিবলৈ ৰাজ্যসমূহৰ ভিতৰত বিভিন্ন পৰ্যায়ত কাৰ্যসূচীৰ প্ৰচাৰ কৰা আৰু বিভিন্ন শুভ উদ্বোধন সভা (kick-off meetings) আৰু প্ৰচাৰমূলক অনুষ্ঠান আয়োজন কৰা।