জিআইজেড (GIZ)
শ্রেণী : পাম / খেতি
অংশীদাৰিত্বৰ পৰিসৰ: “Support to Agroecological Transformation Processes – SuATI” নামৰ ভাৰত-জাৰ্মান দ্বিপাক্ষিক পদক্ষেপটো জিআইজেড ইণ্ডিয়া (GIZ India) আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে (Ministry of Rural Development) যৌথভাৱে ৰূপায়ণ কৰিছে। এই SuATI প্ৰকল্পই গ্ৰাম্য ভাৰতৰ মহিলা স্ব-সহায়ক গোটৰ সদস্যসকলৰ জীৱিকা বৃদ্ধিৰ বাবে মূল্য শৃংখলা, কৃষি ক্লাষ্টাৰ আৰু সম্প্ৰদায়ৰ সহযোগিতাৰ জৰিয়তে কৃষি পৰিৱেশীয় ৰূপান্তৰকৰণত (agro ecological transformation) সহায় কৰিবলৈ দীনদয়াল অন্ত্যোদয়া যোজনা – ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM), গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ক সক্ৰিয়ভাৱে কাৰিকৰী সহায় প্ৰদান কৰে।
অংশীদাৰ ৱেবছাইট: https://www.giz.de/en/html/index.html