ইন্টেলেকেপ এডভাইজাৰী ছাৰ্ভিছেছ প্রাঃ লিঃ
শ্রেণী : পাম / খেতি পথাৰ
সংগী: 4 ছেপ্টেম্বৰ 2023 ৰ পৰা
অংশীদাৰিত্বৰ পৰিসৰ: গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় আৰু ইণ্টেলেকেপ এডভাইজৰী ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে (Intellecap Advisory Services Pvt. Ltd) ৰাজ্যসমূহত বঞ্চিত শ্ৰেণীৰ লোকসকলক উপকৃত কৰিব পৰা ব্যৱসায় গঢ়ি তোলাৰ বাবে এক কাৰিকৰী সমৰ্থন সংস্থা (Technical Support Agency) হিচাপে কাম কৰিবলৈ হাত মিলাইছে। সহযোগিতাৰ মূল ক্ষেত্ৰবোৰ হ'ব:
- দক্ষতা আৰু জ্ঞান সৃষ্টি কৰা: উৎপাদন ইকোছিষ্টেম (production ecosystems) আৰু বজাৰৰ পৰিৱেশ (market landscape) বুজিবলৈ তথ্য-সমৰ্থিত বিশ্লেষণ, কাৰ্যসূচী ডিজাইন কৰা, প্ৰাসংগিক অংশীদাৰিত্ব (relevant partnerships) আৰু মূল্য-সংযোজনৰ সামৰ্থ্য (value-addition capabilities) গঢ়ি তোলা।
- মূলধনৰ সুবিধা প্ৰদান কৰাঃ উদ্যোগসমূহৰ বাবে ঋণ (debt), ইকুৱিটি (equity) আৰু অনুদানৰ (grants) দৰে উপযুক্ত মূলধন আহিলা, ৰাজহুৱা আৰু ব্যক্তিগত বিত্তীয় সাহায্য সুগম কৰিবলৈ বিত্তীয় গাঁথনি (financial structures) গঢ়ি তোলা; ফাৰ্ম আৰু নন-ফাৰ্ম খণ্ডৰ বাবে ঋণৰ সুবিধা (access to credit) প্ৰচাৰ কৰিবলৈ অংশীদাৰিত্ব সৃষ্টি কৰা।
- স্কেলিং আপ আৰু স্থিৰতা (Scaling up and Stabilization): ফাৰ্ম আৰু নন-ফাৰ্ম উদ্যোগসমূহক সমূহীয়াকৰণ (collectivization), বিত্তৰ উন্নত সুবিধা, মূল্য সংযোজনৰ বাবে উন্নত বজাৰ সংযোগ, উৎপাদনশীল, বহনক্ষম আৰু স্থিতিস্থাপক (productive, sustainable and resilient) মূল্য শৃংখলৰ বাবে উপযুক্ত প্ৰযুক্তিৰ প্ৰচাৰ আৰু গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰা।
অংশীদাৰ ৱেবছাইট: https://www.intellecap.com/