পতঞ্জলি
সংগী: 2 নৱেম্বৰ 2022 ৰ পৰা
শ্রেণী : অনা-কৃষি
অংশীদাৰিত্বৰ পৰিসৰ: মহিলা নেতৃত্বাধীন গ্ৰাম্য উদ্যোগসমূহৰ বাণিজ্যিক আৰু সামাজিক উন্নয়নৰ গুৰুত্বৰ ওপৰত চুক্তি কৰা আৰু চিনাক্ত কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অংশীদাৰিত্ব সুগম কৰাৰ বাবে সহযোগিতাৰ সুযোগক আদৰণি জনোৱা, যাৰ জৰিয়তে:
- পতঞ্জলীক ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহৰ (State Rural Livelihoods Missions) অধীনত সকলো অংশীদাৰৰ বাবে পাৰস্পৰিক অংশীদাৰী মূল্য সৃষ্টি কৰিবলৈ, সমাজৰ পিছপৰা অংশৰ বাবে দক্ষতা, প্ৰযুক্তিগত হস্তক্ষেপ, ব্যৱসায় আৰু বাণিজ্যৰ অন্তৰ্ভুক্তিৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ ৰাষ্ট্ৰীয় সম্পদ সংস্থা (National Resource Organization) হিচাপে স্বীকৃতি দিয়া হ’ব পাৰে।
- স্ব-সহায়ক গোটৰ সদস্য উৎপাদক/কৃষক, হাতে বোৱা আৰু হস্তশিল্প (handloom and handicraft) খণ্ডৰ শিল্পীসকলৰ বাবে বিভিন্ন হস্তক্ষেপৰ বাবে কাৰিকৰী সহায় (Technical support) আৰু গ্ৰাম্য সামগ্ৰীৰ বিপণনৰ (marketing of rural products) বাবে সহায়।
অংশীদাৰ ৱেবছাইট: https://www.patanjaliayurved.net/